গুৱাহাটী,১২ডিচেম্বৰঃজাইকাৰ অকমণ্যতাৰ বাবে অতিষ্ঠ হৈ পৰিছে মহানগৰীৰবাসী । শেহতীয়াকৈ গীতানগৰ থানাৰ সমীপত অহৰহ ভাৱে পানী নিৰ্গত হোৱা পাইপে সৃষ্টি কৰিছে এক অনাকাংক্ষিত পৰিস্থিতিৰ । পাইপ ফাটি পানী নিৰ্গত হোৱাৰ ফলত ৰাস্তাটোৰ কাষে কাষে পানী জমা হোৱাৰ লগতে বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ খাৰঘুলি ,গুৱাহাটী কমাৰ্চ কলেজ সমিপৰ ৰাজগড়, হাতিগাঁও চাৰিআলি আদি বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে পাইপ ফুটাৰ দৰে অনাকাংক্ষিত ঘটনাৰ । এই দুৰ্ঘটনাৰ মেৰামতিৰ নামত য’তে ত’তে প্ৰকাণ্ড গাত খান্দি মৰণ ফান্দ সৃষ্টি কৰি জাইকাই বিপদলৈ ঠেলি দিছে গুৱাহাটীবাসীক । ইয়াৰ সমান্তৰালকৈ জলবোৰ্ডে নিজৰ দায়িত্ব সামৰি হাত সাবটি বহি থকাৰ প্ৰশ্নও উত্থাপন হৈছে জনসাধাৰণৰ মাজত ।