সমগ্র দেশতেই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দেখা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ। তেনেস্থলত লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি নামিছে শাসক-বিৰোধী। ৰাজ্যৰ ১১টা লোকসভা সমষ্টিত শাসকীয় দল বিজেপিয়ে প্রার্থীত্ব প্রদান কৰিছে। তাৰ ভিতৰত দুটা সমষ্টি বহু চর্চাত আছে। এটা সমষ্টি হৈছে ডিব্রুগড় সমষ্টি আৰু আনটো হ’ল যোৰহাট লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি হৈ প্ৰাৰ্থী কৰিছে সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।
আনহাতে যোৰহাট লোকসভা সমষ্টিত চৰ্চাত আছে গৌৰৱ গগৈ আৰু তপন গগৈ। ইফালে গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি দলৰ সকলো নেতাই আক্ৰমণাত্মক প্ৰচাৰ চলাইছে। বিশেষকৈ মন্ত্ৰী পীযুষ হাজৰিকাই আক্ৰমণ কৰিছে গৌৰৱ গগৈক। সেয়েহে গৌৰৱ গগৈই অতি চতুৰতাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়াত মন্তব্য কৰে যে, ‘পীযুষ হাজৰিকাই ৰাজনীতি এৰি চিনেমা কৰিব লাগে, তেওঁ চিনেমা কৰিলে মই চাব যাম।’