আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, উখল-মাখল কৃষ্ণচূড়াৰ দেশ

Share
নিউজ ডেষ্ক, আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে কৃষ্ণচূড়াৰ দেশত। পুৱা ৯ বজাৰ পৰা দুটা কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১০  টা পদত মুঠ ২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন । নিৰ্বাচনত অৱতীৰ্ণ হবলৈ শ্ৰেণীকোঠাত ৭৫ শতাংশ উপস্থিতি বাধ্যতামূলক কৰা হৈছে। 
উল্লেখ্য যে, সাংস্কৃতিক সম্পাদক পদ আৰু ছাত্ৰ জিৰণী কোঠা সম্পাদকৰ পদৰ নিৰ্বাচন স্থগিতাদেশ জাৰি কৰিছে আদালতে। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতহে অনুষ্ঠিত কৰা হ’ব এই দুটা পদৰ নিৰ্বাচন।

Leave a Reply

Your email address will not be published. Required fields are marked *