গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত মাৰ্কশ্বিটক লৈ চলিছে কেলেংকাৰী ৷ ধনৰ বিনিময়ত শিক্ষাৰ্থীসকলৰ নম্বৰ বৃদ্ধি কৰিলে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ এই কেলেংকাৰীত জড়িত আছে কম্পিউটাৰাইজডৰ সৈতে জড়িত বিষয়াববীয়াসকল ৷ বৰ্তমান এই তথ্য পোহৰলৈ অহা বুলি বৰপেটাৰ এক সংবাদ মাধ্যমত সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ দিয়া যিটো নিয়ম সেইটো ভংগ কৰি কম্পিউটাৰৰ দ্বায়িত্বত থকা বিষয়ববীয়াসকলে শিক্ষাৰ্থীসকলৰ পৰা ধন সংগ্রহ কৰি নম্বৰ বঢ়াই দি আহিছে ৷ লগতে বৰপেটা জিলাত এতিয়ালৈ ৬, ৭ টা ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে এই কেলেংকাৰীত জড়িত মুখ্য বিষয়ববীয়া জনক গেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ লগতে যুটীয়াভাৱে তদন্ত অব্য়াহত আছে চি বি আই আৰু অসম আৰক্ষীৰ । আনহাতে সামাজিক মাধ্যমত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমনজিত ডেকাই উল্লেখ কৰে যে – বহুদিন ধৰি কৰ্তৃপক্ষৰ কেইজনমান ব্যক্তি, আইইউএমএছ ত কৰ্মৰত হৈ থকা বিষয়া লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ, তথাকথিত চুপাৰ চিনিয়ৰ আৰু বিভিন্ন জিলাত থকা তেওঁলোকৰ সন্থাসমুহে মিলি ছেমিষ্টাৰৰ বেক উঠোৱাৰ ৰমৰমীয়া বেহা চলাই আছে ৷ সকলো প্ৰমাণসহ তথ্য দিয়া পিছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই ৷ তদুপৰি এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ৷ ইয়াৰ লগতে কয় এইটো এটা স্কেম ৷ অতি সোণকালে তথ্য সহকাৰে ভদ্ৰতাৰ মূখা পিন্ধা লোকসকলক ৰাজহুৱা কৰি দিম বুলি হুংকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমনজিত ডেকাৰ ৷