গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ বিশ্ব প্ৰকৃতি দিৱস পালন

Share

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন.এছ.এছ কোষৰ উদ্যোগত ৱেবিনাৰযোগে ”বিশ্ব প্ৰকৃতি দিবস” পালন কৰা হয় । অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক তথা এন এছ এছ কোষৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে বৰ্তমান পৰিস্থিতিত প্ৰকৃতিৰ সেউজীয়া আৱৰণ ক্ৰমাগতভাৱে হ্ৰাস হব ধৰিছে আৰু গোলকীয় উষ্ণতা বৃদ্ধি পাইছে এইক্ষেত্ৰত প্ৰকৃতিৰ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ। লগতে ডঃ কাকতিয়ে প্ৰত্যেকখন কলেজত এজন স্বেচ্ছাসেৱক পাঁচজোপা গছপুলি ৰোপন আঁচনিৰ কথা উল্লেখ কৰে ।
ৱেবিনাৰ খন উদ্ধোধন কৰে এন এছ এছ’ৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সঞ্চালক শ্ৰী দীপক কুমাৰে , উদ্বোধনী ভাষণত তেওঁ কয় – উত্তৰ- পূব সদায় প্ৰকৃতি সংৰক্ষণত গুৰুত্ব দি আহিছে, আৰু নিজ নিজ ঠাইত গছ ৰোৱাৰ বাবে কাৰ্য্যসূচী বিষয়া তথা স্বেচ্ছাসেৱকক প্ৰশংসা কৰে।
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছ’ৰ কাৰ্য্যসূচী সমন্বয়ক , তথা প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ডেভিড কাৰ্ডোঙ তেওঁ কয় – দ্ৰুত শিল্পয়নকে আদি কৰি বনাঞ্চল ধ্বংস , প্ৰদূষণ আদি প্ৰকৃতিৰ ধংসৰ কাৰণ আৰু এইবোৰ সংশোধন কৰি প্ৰকৃতিৰ সংৰক্ষণৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰে।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডীন তথা উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক নীলাক্ষী দেৱীয়ে কয় -যে প্রকৃতি সংরক্ষণৰ বাবে স্কুল, কলেজ আৰু স্থানীয় জনগোষ্ঠীৰ মাজত শিক্ষা আৰু সচেতনতা জাগ্রত কৰা উচিত আৰু বনাঞ্চলৰ ওপৰত নির্ভৰশীল লোকৰ জীবিকা নির্বাহৰ বাবে বিকল্প জীবিকা কর্মসূচি আৰম্ভ কৰাৰ উপৰত গুৰুত্ব প্ৰদান কৰে।
এন এছ এছ স্বেচ্ছাসেৱক অলংকৃতা মহন্ত আৰু বনশ্ৰী কাকতিয়ে প্ৰকৃতি সংৰক্ষণত যুৱ সমাজৰ ভূমিকা সম্পৰ্কে তেওঁলোকৰ মতামত আগবঢ়ায়।
২৫০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা ৱেবিনাৰখনৰ শেষত শলাগৰ শৰাই আগবঢ়ায় নাৰেংগী আঞ্চলিক মহাবিদ্যালয় এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ডঃ লখিমী গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *