সুস্মিতা বৰা
গুৱাহাটী,২৫ জুলাই: বৰ্তমান ক’ভিডৰ ভয়াবহতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰী সকল। যোৱা কালি ছাত্ৰ সন্থাৰ উপ সভাপতি উৎপল শৰ্মা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত আছুৰ কৰ্মচাৰী সকলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈক এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু পৰীক্ষা বাতিলৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ-ছাত্ৰী সকলক ন্যায় প্ৰদানৰ দাবী জনায়। আছুৰ কৰ্মচাৰী সকলে, স্নাতক তৃতীয় ষাণ্মাসিক,বি এড পৰীক্ষা, আইন পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ সমস্যা সমূহৰ কথা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু শ্ৰেণী সমূহৰ সচিবৰ সৈতে আলোচনা কৰে। লগতে এই কথা উল্লেখ কৰে যে বৰ্তমান টেট পৰীক্ষা ওচৰ চাপিছে, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি এড অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে কোনো ধৰনৰ যো-জা চলোৱা নাই পৰীক্ষাৰ কাৰনে যাৰ ফলত বিগত বছৰৰ দৰেই এইবাৰো টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হাবাথুৰি খাব লগা হ’ব। সেয়েহে ছেপ্টেম্বৰ মাহৰ ভিতৰতে বি এড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আছুৱে বিশ্বদ্যালয়ৰ কতৃপক্ষক আহ্বান জনায় ।