ধেমাজি বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Share

ধেমাজি কলেজত ২০০৪ চনৰ ১৫ আগষ্টত পেৰেড গ্ৰাউণ্ডত সংঘটিত হৈছিল ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা।এই বিস্ফোৰণ কাণ্ড আলফাই কৰা বুলি স্বীকাৰ কৰিছিল।বিস্ফোৰণত নিহত হৈছিল শিশু-মহিলাসহ ১৮ জন লোক।কিন্তু আহত হৈছিল অৰ্ধশতাধিক লোকৰ।ৰাজ্য জোকাৰি যোৱা এই শিহৰণকাৰী বোমা বিস্ফোৰণৰ বাবেই সেই সময়ৰ তদানীন্তন আৰক্ষী অধীক্ষক টি থানগৌ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আবু ছাফিয়ানক নিলম্বন কৰিছিল।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিহৰিত বিস্ফোৰণ কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছিল।ৰাজ্যত সেই সময়ত বিস্ফোৰণ কাণ্ডৰ বাবে হোৱা প্ৰতিবাদৰ ফলত আলফাৰ সেনাধ্যক্ষই ৰাজ্যবাসীক ক্ষমাও বিচাৰিছিল।অৱশ্যে শিহৰণকাৰী বিস্ফোৰণকাণ্ডৰ লগত জড়িতসকলক গুৱাহাটী উচ্চন্যায়ালয়ে চিনাক্ত কৰি উপযুক্ত শাস্তি দিব বুলি আশা কৰিছিল ৰাজ্যবাসীৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গই।পিচে দীৰ্ঘদিনীয়া শুনানিৰ অন্তত সোঁতৰ বিপৰীতে গ’ল গুৱাহাটী উচ্চন্যায়ালয়ৰ ৰায়,এই ৰাজ্য কঁপাই যোৱা বোমা বিস্ফোৰণ সংঘটিত কৰা সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে গুৱাহাটী উচ্চন্যায়ালয়ে।

কিন্তু বিগত ২০ বছৰে চলি থকা শুনানিৰ মাজতেই ২০১৯ চনৰ ৪ জুলাইত ধেমাজি সত্ৰ ন্যায়ধীশৰ আদালতে ৬ জনক দোষী সাব্যস্ত কৰিছিল।তেওঁলোক আছিল দিপাঞ্জলী বুঢ়াগোঁহাই,মুহি সন্দিকৈ,যতীন দুৱৰী,লীলা গগৈ।এই অভিযুক্তকাৰী কেইজনক যাৱজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল।ইফালে প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ড নিৰ্দেশ দিছিল।তা९পৰ্য পূৰ্ণ কথা যে বিগত ৪ বছৰৰ ন্যায়ালয়ৰ শুনানিৰ পাছত ৬ জন অভিযুক্তক গুৱাহাটী উচ্চন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিলে।এই শিহৰণকাৰী বোমা বিস্ফোৰণটো কোনে আৰু কাৰ নিৰ্দেশত হৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ততে থাকিল। এই কথা স্পষ্ট যে  হ’ল অসম আৰক্ষী আৰু গুৱাহাটী উচ্চন্যায়ালয়ৰ বিচাৰত চূড়ান্ত ব্যৰ্থতা।ন্যায়িক বিচাৰৰ পৰা বঞ্চিত হ’ল বোমা বিস্ফোৰণত আহত আৰু নিহত সকলৰ পৰিয়ালবৰ্গ।

Leave a Reply

Your email address will not be published. Required fields are marked *