অপহৰণ কৰি ৰাজপথত ঘূৰালে গণধৰ্ষিতাক ,গৰিহণাঃ অৰবিন্দ কেজৰিৱালৰ 

Share
গুৱাহাটী,২৮ জানুৱাৰীঃমুখত কাজল সানি ,চুলি কাটি ৰাজপথত ঘূৰালে এগৰাকী গণধৰ্ষিতাক । গণধৰ্ষিতাগৰাকীক অপহৰণ কৰি এনেদৰে লজ্জাজনকভাৱে ৰাজপথত ঘূৰোৱাৰ অভিযোগ উথাপন হৈছে এদল মহিলাৰ বিৰুদ্ধে । সংঘটিত ঘটনাটি হৈছে দিল্লীৰ কস্তৰবা নগৰৰ ।খোদ ৰাজধানী দিল্লীত সংঘটিত এনে ঘটনাক লৈ তীব্র চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে হতবম্ব হৈ পৰিছে একাংশ লোক ।
অভিযোগ অনুসৰি , কেইবাজনো অবৈধভাৱে কৰা মদ বিক্রেতাৰ হাতত গণধৰ্ষিতা হয় এইগৰাকী ২০ বছৰীয়া যুৱতী । প্রাপ্ত তথ্য মতে , এজন যুৱকৰ মৃত্যুৰ বাবে উক্ত যুৱতীগৰাকীক জগৰীয়া কৰি তেওঁৰ ওপৰত বৰ্বৰ আক্রমণ চলোৱাৰ লগতে মূৰৰ চুলি খূৰাই ,ডিঙিত জোতা -চেন্দেলৰ মালা আঁৰি এনেদৰে দিল্লীৰ ৰাজপথত যুৱতীগৰাকীক ঘূৰাই লৈ ফূৰা কাণ্ডক লৈ এক গুৰুতৰ অভিযোগ উথাপিত হৈছে এই এদল মহিলাৰ বিৰুদ্ধে ।
উক্ত ঘটনাটিক টুইটযোগে তীব্র ভাষাৰে গৰিহণা দিয়ে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ,,,”অপৰাধীয়ে ইমান সাহস ক’ৰ পৰা পালে ?অতন্ত্য লজ্জাজনক ঘটনা বুলি মন্তব্য আগবঢ়োৱাৰ লগতে আৰক্ষীক এই সন্দৰ্ভত আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দশ দিবলৈ অনুৰোধ জনাইছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু লেফটেনেন্ট গৰ্ভনৰ   অনিল বাইজলক ।

Leave a Reply

Your email address will not be published. Required fields are marked *