জি-২০ ৰ বৈঠকত প্ৰভাৱ পৰিব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ !

Share

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই অতিক্ৰম কৰিলে সম্পূৰ্ণ এটা বছৰ। এই এটা বছৰে বিশ্বৰ বিভিন্ন দেশৰ কূটনীতিৰ সকলো কুছ কাৱাজ দেশা পালে বিশ্বই। কোন দেশ যুদ্ধৰ পক্ষত আৰু কোন দেশ বিপক্ষত এই কথা সকলো দেশে খবৰ ৰাখে। তাৰেই মাজতে ভাৰতে লাভ কৰিলে G20 ৰ আয়োজকৰ দায়িত্ব। বিশ্বৰ শীৰ্ষস্থানত থকা দেশসমূহেও অংশগ্ৰহণ কৰিলে G20 সন্মিলনত। 

উল্লেখযোগ্য যে G20 সন্মিলনৰ কাৰ্যসূচী সম্পূৰ্ণ বছৰজোৰা। বৃহস্পতিবাৰে অনুষ্ঠিত হবলগীয়া G20 বৈঠকত বিগত বৰ্ষৰ জুলাই মাহৰ পিছত প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক সচিব এণ্টনী ব্লিংকেন আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্জেই লাৰভ্ৰক।  ৰাছিয়া আৰু ইউক্ৰেইনত চলোৱা আগ্ৰাসনক কঠোৰ ভাষাৰে আমেৰিকাই সমালোচনা কৰাৰ পাছৰে পৰাই দুয়ো দেশৰ মাজত  সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। সেইবাবে G20 ৰ বৈঠকতো তেনে এক পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকাত বিশ্ববাসী।বিশ্ব দৰবাৰত ৰাছিয়াৰ বিৰোধিতা কৰাৰ পৰা বিৰত আছে ভাৰত । ইয়াক লৈ সকলোতে প্ৰশ্ন উত্থাপন হোৱাৰ সময়তেই এতিয়া বৈঠকত কাৰ সৈতে থিয় দিব ভাৰতে।যাৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে G20 সন্মিলনত প্ৰভাৱ পৰিব নেকি !

Leave a Reply

Your email address will not be published. Required fields are marked *