পাঁচখন ৰাজ্যৰ বিধান সভা নিৰ্বাচন শেষ হোৱাৰ পাছতে, আকস্মিক ভাৱে বৃদ্ধি পাইছে ইন্ধনৰ লগতে পেট্রল -ডিজেলৰ মুল্য । লগতে অসমত চৰ্চাত আছে বিদ্যুৎৰ মাছুল বৃদ্ধিৰ কথা আৰু ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত ৫৯ পইচা বৃদ্ধি হব আৰু কাৰ্যকৰী হব। উল্লেখ্য যে এই সময়ছোৱাত আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মুল্য ৪৫ শতাংশ বৃদ্ধি পাইছে । বুধবাৰে একেৰাহে দ্বিতীয়দিনৰ বাবেও বৃদ্ধি পালে পেট্রল – ডিজেলৰ মুল্য । দিল্লীত প্ৰতি লিটাৰ পেট্রল – ডিজেলৰ মুল্যত ৪০ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে মুম্বাইত পেট্রলৰ মুল্যত ৮৫ পইচা আৰু কলিকতাত ৮৩ পইচাকৈ বৃদ্ধি পাইছে। এতিয়া জনসাধাৰণৰ মাজত মুল্য বৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।