১ এপ্ৰিলৰ পৰা কেছলেছ আৰু ডিজিটেল লেনদেনৰ বাবদ ভৰিব লাগিব অতিৰিক্ত মাচুল

Share
কেছলেছ আৰু ডিজিটেল লেনদেনকাৰীসকলৰ বাবে বেয়া খবৰ। গুগোল পে’, ফোন পে’, পে’টিএম ব্যৱহাৰকাৰীসকলে এতিয়াৰে পৰা ২ হাজাৰৰ অধিক টকা লেনদেন কৰিলে ভৰিব লাগিব ১.১ শতাংশ মাচুল।
এই নতুন ব্যৱস্থা চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।
নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ এন পি চি আইয়ে শেহতীয়াকৈ এক চাৰ্কুলাৰ জাৰি কৰি এই কথা সদৰি কৰিছে।
এই চাৰ্কুলাৰখনৰ জৰিয়তে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টছ চমুকৈ পিপিআইক ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউ পি আই) ৰ লেনদেনৰ বাবে মাচুল নিৰ্ধাৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
ইউ পি আই পেমেণ্ট চিছটেমৰ গৰ্ভনিং বডীয়ে ২ হাজাৰৰ অধিক ধনৰ লেনদেন কৰিলে ১.১ শতাংশ মাচুল আদায়ৰ চিন্তা চৰ্চা কৰিছে।
অৱশ্যে ব্যক্তিৰ পৰা ব্যক্তিলৈ ধনৰ লেনদেন আৰু বেংক আৰু প্ৰিপেইড ৱালেটৰ মাজত লেনদেন কৰাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *