তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অপচেষ্টা কৰা প্ৰৱঞ্চক গ্ৰেপ্তাৰ

Share

ডিজিটেল ডেস্কঃ অহা ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ প্ৰায় ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ প্ৰাকমুহূৰ্তত কোনো দুষ্ট চক্ৰই প্ৰশ্নকাকত ফাদিল কৰাৰ অপচেষ্টা চলাইছে । এই প্ৰশ্নকাকত ফাদিল কৰিবলৈ অপচেষ্টা কৰা প্ৰৱঞ্চক অসম আৰক্ষী, চি আই ডিৰ জালত পৰিছে। হাইলাকান্দিৰ চি আই ডিয়ে এই প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰে। ধৃত প্ৰৱঞ্চকটোৰ নাম আলী হুছেইন বৰভূঞা বুলি জানিব পৰা গৈছে। হোৱাটছএপযোগে প্ৰশ্নকাকত ফাদিল কৰাৰ  বাবে এই প্ৰৱঞ্চকটোৱে মেছেজ ভাইৰেল কৰিছিল। প্ৰৱঞ্চকটোৱে লিখিত পৰীক্ষাৰ প্ৰশ্নকাকতৰ মূল্য ধাৰ্য কৰিছিল ১৫০০ টকা। আনকি গুগল পে’ৰ নম্বৰো প্ৰকাশ কৰিছিল প্ৰশ্নকাকত ল’বলৈ ইচ্ছুক পৰীক্ষাৰ্থীৰ বাবে। 

উল্লেখযোগ্য যে বৃহৎ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পূৰ্বে এটা চক্ৰই হোৱাটছএপযোগে এই প্ৰশ্নকাকত ভাইৰেল কৰিবলৈ চেষ্টা কৰিছিল। এই চক্ৰই তথ্য কোনো সৎ পৰীক্ষাৰ্থীয়ে টুইটাৰযোগে তথ্যসহ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দিয়ে। তাৰ পাছতে অসম আৰক্ষীয়ে গোপনে এই চক্ৰৰ সন্ধানত অভিযান চলাই আৰু একে সময়তে চি আই ডি ,ক্ৰাইম ব্ৰান্স আৰু মহানগৰ আৰক্ষীয়ে অভিযান চলাইছিল। প্ৰতিখন জিলালৈ এই তথ্য প্ৰেৰণ কৰে। আৰক্ষীয়ে এই অপৰাধীক হাইলাকান্দিৰ অসম – মিজোৰাম সীমান্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *