ফান্সত এতিয়া সামুদ্ৰিক ধুমুহাৰ তাণ্ডৱ

Share

প্ৰবল আৰু ঘাতক সামুদ্ৰিক ধুমুহা ছিডোৱে মোহাৰি লৈ  ভাৰত মহাসাগৰত অৱস্থিত থকা ফ্ৰান্সৰ দ্বীপ প্ৰদেশ মেয়ট্টক।দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এই দ্বীপৰ ঘূৰ্ণিত কেইবাহেজাৰো লোক নিহত হোৱাৰ আশংকা পোৱা যায়। শনিবাৰে নিশা প্ৰায় ঘন্টাত ২২৬ কিলোমিটাৰ বেগত অহা এই ঘূৰ্ণিৰ ছিডোৰ সংহাৰ অতি ভয়াৱহ আছিল।দ্বীপটোৰ প্ৰায় এক লাখ লোকৰ বসতিৰ বৃহৎ এলেকা এটা সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত হয়।সৰ্বাধিক লোক এলেকাটোত নিহত হয় বুলি শংকা কৰা হৈছে।ফ্ৰান্সৰ পৰা কেইবাশ কিলোমিটাৰ দূৰত অৱস্থিত আফ্ৰিকাৰ উত্তৰ-পশ্চিম মাদাস্কাৰ আৰু উত্তৰ-পশ্চিম মোজাম্বিকৰ মেয়ট্টেৰ মুঠ জনসংখ্যা তিনিলাখৰো অধিক।ঘূৰ্ণি ছিডোৰ সংহাৰৰ পিছতেই দ্বীপ প্ৰদেশখনত ফ্ৰান্সে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।ৰাষ্ট্ৰসংঘকে ধৰি আন বিভিন্ন প্ৰতিষ্ঠান আৰু বিদেশী ৰাষ্ট্ৰই সাহায্য প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিয়ে ফান্স চৰকাৰক। আনহাতে উল্লেখযোগ্য যে ফান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ঘূৰ্ণি ছিডোক মানৱীয় সংকট বুলি বিবেচিত কৰি আক্ৰান্তসকলৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সাহায্যৰ আহ্বান জনায়।বতৰ বিঞ্জানীসকলৰ মতে জলবায়ু পৰিবৰ্তনৰ প্ৰত্যক্ষ ফল হৈছে সামূদ্ৰিক ঘূৰ্ণি ছিডোৰ সংহাৰ।জলবায়ু পৰিবৰ্তনৰ বাবে ভাৰত মহাসাগৰ অধিক উত্তাল হৈ উঠিছে,সৃষ্টি হৈ পৰিছে সঘন ঘূৰ্ণিৰ।ইতিমধ্যে মেয়ট্টেলৈ ফ্ৰান্সৰ পৰা উদ্ধাৰকৰ্মী,সেনা,চিকিৎসক আৰু অত্যাৱশকীয় সাহায্য প্ৰেৰণ কৰা হয়।ফ্ৰান্সৰ নিকটৱৰ্তী অঞ্চল ৰিইউনিয়নৰ পৰা তাৎক্ষণিক সাহায্য প্ৰেৰণ কৰে ফ্ৰান্স চৰকাৰে।আনহাতে উল্লেখযোগ্য যে ফান্সৰ অধীনস্থ হ’লেও মেয়ট্টে ইউৰোপিয়ান ইউনিয়নৰ অধীনৰ আটাইতকৈ দৰিদ্ৰ ভূ-খণ্ড।তৎসত্বেও মোজম্বিক উপকূলৱৰ্তী এলেকাৰ ভিতৰতেই মেয়ট্টেই হল আটাইতকৈ প্ৰাচুৰ্যপূৰ্ণ এলেকা,তাৰ বাবেই দ্বীপটোলৈ প্ৰব্ৰজন ঘটি আহিছে।দ্বীপ প্ৰদেশখনৰ প্ৰায় ৭৩ শতাংশ লোকেই ইছলামধৰ্মী।শনিবাৰে নিশা ঘূৰ্ণীৰ ফলত মেয়ট্টেৰ হেজাৰ হেজাৰ লোকৰ বাসভূৱন ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে পথ দলং আৰু বিমান বন্দৰৰ বিস্তৰ ক্ষতি হয়। সম্পূৰ্ণৰুপে ধ্বংস হৈ পৰিছে দ্বীপটোৰ বিদ্যুৎ যোগান ব্যৱস্থা। 

Leave a Reply

Your email address will not be published. Required fields are marked *