বাক্সাৰ জিলাৰ তামুলপুৰত আজিৰে পৰা অনুষ্ঠিত হ’ব চতুৰ্থ এছিয়ান খো-খো প্ৰতিযোগিতা। অসম খো-খো সন্থাৰ উদ্যোগত আৰু প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাখনত বিশ্বৰ ৯খন দেশে অংশগ্ৰহণ কৰিছে। দিনৰ ১ বজাৰ পৰা আৰম্ভ কৰা হৈছে এই প্ৰতিযোগিতা।২০ মাৰ্চৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ ২৩ মাৰ্চত অন্ত পৰিব। প্ৰতিযোগিতাখনৰ উদ্বোধন কৰিব বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োৱে।
পুৰুষ মহিলা উভয়ে মিলি ১৭ টা দলে প্ৰতিযোগিতাখনত ভাগ ল’ব পাৰিব।পুৰুষৰ খো-খো দলত সোণাপুৰৰ তীৰ্থ ডেকাই স্থান লাভ কৰাৰ লগতে মহিলা দলত তামুলপুৰৰ ৰঞ্জনা শৰণীয়াই স্থান লাভ কৰিছে।আয়োজক দল ভাৰতৰ লগতে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অন্য দেশসমূহ হৈছে ভূটান, বাংলাদেশ, ইণ্ডোনেছিয়া, ইৰাণ, মালেছিয়া, নেপাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকা।