আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে ৫৮০০ কৌটি টকাৰ প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন

Share

আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। ১১ মে’ৰ দিনা এই দিৱস পালন কৰা হয়। দেশৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সাফল্যৰ বাবে দেশজুৰি পালন কৰা হয়। দেশৰ ৰাজধানী দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীৰ সভাপতিত্বত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ  আয়োজন কৰা হয়। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে আন আন বিষয়-বিষয়াসকল উপস্থিত থাকে। 

দেশৰ  বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতিৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ৫৮০০ কোটি টকা ব্যয়  সাপেক্ষে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ যোগ্য যে ১৯৯৮ চনৰ ১১মে’ত অনুষ্ঠিত হৈছিল পোখৰণ-২ ৰ পাৰমাণৱিক পৰীক্ষা। 

 তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰে এই পৰামাণৱিক পৰীক্ষাৰ সাফল্য বাবেই উক্ত দিনটোত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে ঘোষণা কৰিছিল।    

Leave a Reply

Your email address will not be published. Required fields are marked *