শীঘ্ৰেই স্থাপন কৰা হ’ব মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা 

Share
নিউজ ডেস্ক,২২ আগষ্টঃ অচিৰেই স্থাপন কৰা হ’ব মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা। ইয়াৰ বাবে প্ৰয়োজনীয় বিভাগীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই কথা ঘোষণা কৰে জলসম্পদ, সংসদীয় পৰিক্ৰমা, জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকা। শনিবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মৰিগাঁও জিলা প্ৰশাসনে অনুষ্ঠিত কৰা অৰুণোদয় মাহৰ শুভ আৰম্ভণি আৰু বানত ক্ষতিগ্ৰস্তক গৃহ নিৰ্মাণৰ বাবে আবণ্টন দিয়া ধনৰ চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত মৰিগাঁওবাসীক এই কথা ব্যক্ত কৰে।
লগতে তেওঁ কয় যে, অহা এক ডেৰ মাহৰ ভিতৰত এই কাৰ্য সম্পন্ন হ’ব । আধাৰশিলা স্থাপন অনুষ্ঠানত যোগদান কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *