নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাৰ আধাৰ স্বৰূপ : প্ৰয়াত পৰাগ কুমাৰ দাসৰ জন্ম বাৰ্ষিকী

Share

অসমীয়া সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ প্ৰতিষ্ঠাপক, সম্পাদক আৰু মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্মদিন।পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ।অসমীয়া আলোচনী ‘প্ৰান্তিক’ আৰু ‘দ্যা ছেণ্টিনেল’ ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল।১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰ পৰা সাপ্তাহিক ‘বুধবাৰ’ কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে।১৯৯৪ চনৰ পৰা ‘আগান’ আলোচনীৰ প্ৰকাশক আৰু সম্পাদক আছিল।মৃত্যুৰ সময়লৈ তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল।

১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।তেখেতে গুৱাহাটী চেনীকুঠি বালক বিদ্যালয়,এম চি এম ই স্কুলত অধ্যয়ন কৰি কটন কলেজিয়েতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ  হৈছিল।সৰুৰে পৰা মেধাৱী আছিল পৰাগ কুমাৰ দাস।১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

১৯৯৬ চনৰ ১৭ মে’ তাৰিখে নিজৰ পুত্ৰক গুৱাহাটী চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকাৰ সময়ত পৰাগ কুমাৰ দাসক চাৰিজন ছালফাই গুলীয়াই হত্যা কৰিছিল।তেখেতক কমেওঁ আঠবাৰ গুলীয়াইছিল। তথাপিও,সাংবাদিকতাৰ জগতখনত তেখেতৰ অৱদান অতুলনীয়।তেখেতৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ঢৌ তুলিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *