কংগ্ৰেছ দলত নতুন যুৱনেতা আৰু নেতৃত্বত নতুন মুখে লাভ নকৰাৰ পৰম্পৰাৰে পুনাৰাবৃত্তি ঘটিছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো।অহা ১০ মেত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধাসভা নিৰ্বাচন । প্ৰচাৰৰ বাবে চূৰান্ত কৰা হৈছে কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা, তালিকাৰ পৰা বাদ পৰিল ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী,জনপ্ৰিয় নেতা শচীন পাইলট।তাৰকা প্ৰচাৰকৰ তালিকাত নাম অন্তৰ্ভূক্ত হছৈ কংগ্ৰেছত নতুনকৈ যোগদান কৰা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদিশ ছেট্টাৰৰ।
কংগ্ৰেছৰ তালিকাত ছেট্টাৰৰ লগতে স্থান লাভ কৰা সকলৰ মাজত আছে ভূপেশ বাঘেল(ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী),সুখবন্দৰ সিং সুখু(হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী),অশোক গেহলট(ৰাজস্থান মুখ্যমন্ত্ৰী),ৰাহুল গান্ধী,প্ৰিয়ংকা ৱাদ্ৰা,পি চিদম্বৰমকে ধৰি ৪০ গৰাকীকৈ নেতা-নেত্ৰী।
উল্লেখ্য যে ৰাজস্থানৰ মখ্যমন্ত্ৰী অশোক গেহলটৰ লগত পাইলটৰ দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে যদিও শেষতীয়াকৈ আকৌ পাইলটে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবেই তেওঁক দলৰ প্ৰচাৰ তাৰকা খিতাপৰ পৰা আতৰুৱা হ’ল বুলি ধাৰণা কৰা হৈছে।ইফালে কংগ্ৰছৰ তাৰকা প্ৰচাৰকৰ তালিকাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে,ছোনিয়া গান্ধী,জয়ৰাম ৰমেশ আদি প্ৰবীণ নেতা সকলৰো নাম আছে।