প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰী এ জি পেৰাৰিভালানক ছুপ্রিম কোর্টৰ জামিন  

Share
ডিজিটেল ডেস্ক, ১০ মাৰ্চঃ ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰী এ জি পেৰাৰিভালানৰ জামিন মঞ্জুৰ কৰিছে ছুপ্রিম কোর্টে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে বুধবাৰে এই নির্দেশ জাৰি কৰে। ।ৰাজীৱ গান্ধীৰ হত্যাত ব্যৱহৃত বেল্ট বোমাত ব্যৱহাৰৰ বাবে এটি ৯ ভ’ল্টৰ বেটাৰী কিনাৰ অভিযোগত  ১৯ বছৰ বয়সত গ্রেপ্তাৰ হৈছিল পেৰাৰিভালান। ইয়াৰ পিছত ১৯৯৯ চনত তেওঁক মৃত্যুদণ্ড দিয়া হয়। যদিও ২০১৪ চনত মৃত্যুদণ্ডৰ সলনি  অন্য দুই অভিযুক্ত সান্থান আৰু মুৰুগানসহ তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।উল্লেখ্য যে ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্রীপেৰুম্বুদুৰত এটি সমাবেশত এগৰাকী আত্মঘাতী মহিলাই ৰাজীব গান্ধীক মালা পিন্ধাবলৈ গৈ বিস্ফোৰণ ঘটাইছিল। উক্ত ঘটনাত ৰাজীব গান্ধীসহ মুঠ ১৪ জন নিহত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *