মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক ভোটকেন্দ্ৰত প্ৰৱেশত বাধা দিলে বিজেপি কৰ্মীয়ে

Share

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথক একাংশ বিজেপি কৰ্মীয়ে  বাৰাৰিপুৰৰ  এটা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । কমল নাথৰ পুত্ৰ নকুল নাথৰ অভিযোগ অনুসৰি একাংশ   বিজেপি কৰ্মীয়ে তেওঁক অকতৃত্বশীলভাৱে ভোটকেন্দ্ৰটোত প্ৰৱেশত বাধা প্ৰদান কৰিছে । পুৱা ৭ বজাৰ পৰা মধ্যপ্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ ।ৰাজ্যখনৰ মুঠ ২৩০ টা বিধানসভা সমষ্টিৰ আটাইকেইটা সমষ্টিতে অনুষ্ঠিত হব এই ভোটগ্ৰহণ । ৰাজ্যখনত এইবাৰ নিৰ্বাচনী যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত হৈছে ।

                  
  জানিবপৰামতে ৰাজ্যখনৰ ২৩০ টা বিধানসভা সমষ্টিত কংগ্ৰেছ , বিজেপি , বহুজন সমাজবাদী পাৰ্টি , আপ , চি পি আই এমকে ধৰি বিভিন্ন দলে প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে । আৰু টিকটৰ পৰা  বঞ্চিত একাংশই নিৰ্দলীয়ভাৱেও প্ৰতিদ্বন্দিতা কৰিছে । কংগ্ৰেছ ,বিজেপি আৰু বি এছ পিয়ে ২৩০ খন আসনতে প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে । এই ২৩০ টা সমষ্টিত মুঠ ২৫৩৩ গৰাকী প্ৰাৰ্থিয়ে প্ৰতিদ্ৱন্দিতা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *