৭৫ বছৰ বয়সত অন্তিম নিশ্বাস ত্য়াগ কৰে জনতা দল ইউনাইটেড ৰ প্ৰাক্তন সভাপতি শৰদ যাদৱ

Share

গুৱাহাটী,১৩ জানুৱাৰীঃ ৭৫ বছৰ বয়সত কালি অন্তিম নিশ্বাস ত্য়াগ কৰিলে সাতবাৰকৈ লোকসভা আৰু আঠবাৰকৈ ৰাজ্য়সভাৰ সদস্য় তথা জে.দি.ইউৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱে। বিগত কেইবাদিনো ধৰি গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতালত ভৰ্তি হৈ আছিল শৰদ যাদৱ।

মধ্য়প্ৰদেশৰ নৰ্মদাপুৰম জিলাৰ কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰদ যাদৱে নিজৰ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰিছিল বিহাৰৰ পৰা। ১৯৭৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে জবলপুৰ লোকসভাৰ আসনৰ পৰা সাংসদ হয়। তেওঁ ৰাজ্য়সভাৰ সাংসদ আৰু বিহাৰৰ বিধান সভাৰ পৰা নিৰ্বাচিত হোৱাৰ লগতে ৭বাৰ কৈ লোকসভাতো নিৰ্বাচিত হৈছিল।

শৰদ যাদৱে নিজাববীয়াকৈ ২০১৮ চনত লোকতান্ত্ৰিক জনতা দল নামৰ  দল গঠন কৰিছিল। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ লালু যাদৱৰ সংগঠন আৰ.জে.দি ৰ সৈতে একত্ৰিত হয় । তেওঁ ৰাম মনোহৰ লোহিয়াক আদৰ্শ হিচাপে গণ্য় কৰিছিল।তেওঁৰ মৃত্য়ুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *