উজনি অসমত চলিছে বনধ্বংসৰ অবাধ বেহা

Share
গুৱাহাটী ,২৭ নৱেম্বৰঃ উজনি অসমত চোৰাং কাৰবাৰী হাতোৰাত দ্ৰুত গতিত চলিছে বনধ্বংসৰ যজ্ঞ।ব্যাপক বনধ্বংস আৰু বেদখলকাৰীৰ কবলত পৰি ৰাজ্যৰ কেইবাখনো বনাঞ্চল এতিয়া অস্তিত্বৰ সংকটত পৰিছে।ৰাজ্যচৰকাৰ আৰু বনবিভাগৰ চকুৰ পলকতে চোৰাং বেপাৰীয়ে কাটি তহিলং কৰিছে।উজনি অসমৰ নামফাই,টিংকুপানী,টিপাম পাহাৰতো পৰিছে  চোৰাং কাৰবাৰীৰ হাতোৰাৰ কোব।এনে বনজ সম্পদৰ অবাধ লুন্ঠনৰ ফলতেই বনাঞ্চল সমুহ ধ্বংস হৈছে।ফলত উদং পথাৰলৈ পৰিণত হৈছে বনাঞ্চল সমুহ।এই ক্ষেত্ৰত নিৰৱ ভুমিকা পালন কৰিছে ৰাজ্য চৰকাৰৰ ব্যাগোম বনবিভাগটোৱে। উল্লেখ্য যে তিনিচুকীয়া,ডিব্ৰুগড় জিলাৰ বন সংমণ্ডলৰ অধীনত থকা কেইবাখনো বনাঞ্চল ধ্বংসৰ গৰাহত পৰিণত হৈছে। এই বনাঞ্চল সমুহ ধ্বংস হোৱাৰ মূল কাৰণ হ’ল কয়লা অবৈধ খনন,শিলৰ কুৱেৰী স্থাপন,অবৈধ ইটাভাতা,বালি পলস,মাটি খনন,বেদখল আদি।এতিয়া নিঃশেষ হোৱাৰ দিশে গতি কৰিছে নামফাই টিংকুপানী সংৰক্ষিত বনাঞ্চল।দুষ্কৃতিকাৰীয়ে বন ধ্বংসৰ অবাধ বেহা চলায় থকাৰ পৰিপ্ৰেক্ষিতত কিয় চকুমুদা কুলি ভাও ধৰিছে বনবিভাগে,এয়া সাধাৰণ জনতাৰ মনত প্ৰশ্ন উদয় হৈছে।এই ক্ষেত্ৰত ৰাজ্যৰ বনাঞ্চল সমুহ সংৰক্ষণ কৰাতো গুৰুত্বপূৰ্ণ বিষয়।এই বনাঞ্চল সমুহ কেৱল মানচিত্ৰতহে থাকিব,নাথাকিব অস্তিত্ব।বনবিভাগে এই সংক্ৰান্তত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *