প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰণকাৰী সমিতিত অসম সন্তান 

Share
নিউজ ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিত প্ৰথমবাৰৰ বাবে  স্থান লাভ কৰে সৰ্বানন্দ সোণোৱালে। ৫ ছেপ্টেম্বৰত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত বিজেপিৰ অসম প্ৰদেশ পৰিয়ালে উষ্ম অভিনন্দন তথা সম্বৰ্ধনা জনায় সৰ্বানন্দ সোণোৱালক। এই অনুষ্ঠানটিত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি গৰাকীক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লগতে  ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু কাৰ্যকৰ্তাসকলে।
এই অনুষ্ঠানটিত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, ” বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰণকাৰী সমিতিত প্ৰথমবাৰৰ বাবে এগৰাকী অসম সন্তান অন্তৰ্ভুক্ত হোৱাটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতিকৈ গৌৰৱ আৰু আনন্দৰ কথা। এয়া বিজেপিৰ উত্তৰ-পূবৰ প্ৰতি থকা আন্তৰিকতা আৰু সদিচ্ছাৰ এক অনন্য প্ৰতিফলন। “
উক্ত অনুষ্ঠানটিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা , ড৹ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰীকে আদি কৰি বহুকেইজন মন্ত্ৰী-বিধায়ক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *