ডিজিটেল ডেস্কঃ শিশু সৰবৰাহকাৰীৰ ৰূপত এগৰাকী পূজাৰী ৷ শিশু কিনিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল লখিমপুৰ ৰাম মন্দিৰৰ এজন পূজাৰী ৷ খবৰ অনুসৰি, ১১ আগষ্টত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটি কন্যা সন্তান জন্ম দিছিল লাকী গোড় নামৰ মহিলাগৰাকীয়ে । কিন্ত লাকী গোড় আৰু তেওঁৰ স্বামী আৰু চুবুৰীয়া আন এগৰাকী মহিলাই মিলি নৱজাতক শিশুটিক লখিমপুৰৰ লিলাবাৰীস্থিত এটা মন্দিৰৰ পূজাৰীক ৬ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে ।
ইপিনে পাষান পিতৃ-মাতৃ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈ গাঁৱত সন্তানটো মৃত বুলি কয় যদিও গাৱঁৰ ৰাইজে এই কথা মানি লবলৈ অস্বীকাৰ কৰে আৰু ভিমলাল গোড়ে তেওঁৰ পুত্ৰ চুৰেন গোড় আৰু বোৱাৰী লাকী গোড়ৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷
ভিমলাল গোড়ে এজাহাৰ দাখিল কৰাৰ পিছতেই পিছতেই আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি সন্তানটোক লখিমপুৰৰ লীলাবাৰীৰ কৃষ্ণ প্ৰসাদ উপাধ্যায় নামৰ পূজাৰীজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ পিছতে ঘটনাটোৰ সৈতে জড়িত থকাৰ অপৰাধত পিতৃ চুৰেন গোড়, মধ্যস্থতাকাৰী মহিলা তুপনি গোৱলা আৰু পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰে। কেৱল কেইটামান টকাৰ বিনিময়ত নৱজাতকক পিতৃ-মাতৃয়ে বিক্ৰী কৰা ঘটনাই অঞ্চলজুৰি সূষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ আনহাতে, চিকিৎসালয়ৰ পৰা নৱজাতক কিদৰে বিক্ৰী হ’বলৈ পালে সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।