ৰাজ্যত ক্ৰমা९ বৃদ্ধি পাইছে বানৰ তাণ্ডৱ ,জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল

Share

ৰাজ্যত শামকতা নাই বান পৰিস্থিতি ৷ ৰাজ্যত বানে লৈছে এতিয়া ভয়াবহ ৰূপ ৷ দিনে দিনে বৃদ্ধি পাইছে বানৰ প্ৰাবল্য ৷ ইতিমধ্যে বানৰ কবলত গোৱালপাৰা , নগাওঁ ,মৰিগাওঁ, নলবাৰীকে ধৰি ৰাজ্যৰ ২৯ খনকৈ জিলা ৷ এই বানৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল । ফেনে-ফুটুকাৰে বাঢ়ি অহা বানৰ ফলতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ দিনে দিনে বৃদ্ধি পাইছে পানীৰ পৰিমাণ ৷ যাৰ ফলত প্লাৱিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ বৰ্তমান এই বানত ৰাজ্যৰ ২৯ খন জিলাৰ ২,৮০০ খন গাঁও এতিয়া বানৰ কবলত ৷ তাৰোপৰি ১৬ লাখ ২৫ হাজাৰকৈ অধিক লোকৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৪৯,৪৫১ হেক্টৰ ভূমি প্লাবিত হৈ পৰিছে ৷ বানৰ প্ৰাবল্যৰ ফলত কালিৰ দিনটোত বিভিন্ন অঞ্চলত প্ৰায় ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমান মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৪৬ জনলৈ ৷ এই প্লাৱিত হৈ পৰা বানৰ ফলত শিবিৰত আশ্ৰয় লব লগা হৈছে দাতি-কাষৰীয়া অঞ্চলৰ বানপীড়িত লোকসকলে ৷ বৰ্তমান  ৫১৫ টা বানশিবিৰত  আশ্ৰয়  লৈছে ২৫,৭০০ গৰাকী লোকে ৷ ইয়াৰ উপৰিও গোলাঘাট আৰু মাজুলীত ১১০ টা জীৱ-জন্ত এই বানত উটি গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *