মৃত্যু হৈছে টাইটানৰ ৫ যাত্ৰীৰ ওচিয়ানগেটৰ ৰাজহুৱা বিবৃতি

Share
 আটলাণ্টিক মহাসাগৰত ১১০ বছৰৰ আগতে ডুব যোৱা টাইটানিক জাহাজখনৰ বিষয়ে সকলোৱে জানে । আৰু এই টাইটানিক জাহাজখনৰ ধ্বংসাৱশেষ চাবলৈ গৈছিল এখন ছাবমেৰিণ । ১৮ জুনত আটলাণ্টিক মহাসাগৰৰ তলিলৈ যোৱা ছাবমেৰিণ টাইটানখনৰ সংযোগ বিচিন্ন হৈ সন্ধানহীন হৈ থকাৰ পাছতে ২২ জুনত ছাবমেৰিণ খনৰ বিস্ফোৰণ ঘটি ৫ জন লোকৰ মৃত্যু হোৱা বুলি ছাবমেৰিণ পৰিচালিত কোম্পানি ওচিয়ানগেটৰে নিশ্চয়তা প্ৰদান কৰিছে । বাতৰি অনুসৰি, আমেৰিকান ক’ষ্ট গাৰ্ডৰ ৰিয়াৰ এডমিৰেল জন ম’গাৰে কয়, ‘টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা ১৬০০ ফুট দূৰত্বত ৰবৰ্টে টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে । দুৰ্ঘটনাৰ সময়ত ছাবমেৰিনখন ভিতৰলৈ মহতিয়াই যোৱাৰ সন্দেহ । এতিয়া যাত্ৰীকেইজনক উদ্ধাৰ কৰিব পৰা যাব নে নাই সেই বিষয়েও সঠিকে কোৱাটো টান ।
এই টাইটানখন কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব মাৰিছিল । টাইটানে যাত্ৰীসকলক সাগৰৰ গভীৰতাত য’ত টাইটানিকৰ ধ্বংসাৱশেষ আছে, সেই ঠাইখন দেখুৱাবলৈ লৈ গৈছিল ৷ দেওবাৰে পাঁচজন যাত্ৰীৰে সৈতে অ’চেনগেট সংস্থাই নিৰ্মাণ কৰা চাবমেৰিনখন সাগৰৰ ১৩ হাজাৰ ফুট গভীৰতালৈ নামি গৈছিল । নিৰুদ্দিষ্ট হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকা আৰু কানাডাৰ সেনা বাহিনী । উত্তৰ আটলাণ্টিক মহাসাগৰত চলিছিল এই অনুসন্ধান ।
ছাবমেৰিনৰ শব্দ ধৰিবলৈ শব্দ তৰংগ যন্ত্ৰও স্থাপন কৰা হৈছিল । ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে এই অনুসন্ধানত জড়িত আছিল ৰবৰ্টো । এই ৰবৰ্টটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যাক পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰিছে । অভিযানকাৰী সংস্থাটোৱেও এক বিবৃতিযোগে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *