অসম পেট্ৰ’কেমিকেল প্ৰকল্পৰ পৰা বাংলাদেশলৈ প্ৰথম মিথানল ৰপ্তানি

Share
৩ জুলাই, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম পেট্ৰ’কেমিকেল প্ৰকল্পৰ পৰা বাংলাদেশলৈ প্ৰথম মিথানল ৰপ্তানিৰ প্ৰশংসা কৰে, যি হৈছে অসমক পেট্ৰ’কেমিকেলৰ এক মুখ্য ৰপ্তানিকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী মোডীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিথালন সম্পৰ্কে কৰা এক টুইটৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি উল্লেখ কৰে যে, অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুখ্য উদ্যোগ হিচাপে  ভাৰতৰ পেট্ৰ’কেমিকেল খণ্ডই উৎসাহিত কৰিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত এপিএলৰ ৫০০ টিপিডি প্ৰকল্প উদ্বোধন কৰিছিল আৰু যোৱা  ১ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামৰূপৰ অসম পেট্ৰ’কেমিকেলচ প্ৰকল্পৰ পৰা বাংলাদেশলৈ প্ৰথম মিথানল সামগ্ৰী প্ৰেৰণ কৰে, যিটো অসমক পেট্ৰ’কেমিকেলৰ এক মুখ্য ৰপ্তানিকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক ডাঙৰ প্ৰচেষ্টা ।
উল্লেখযোগ্য যে, এপিএল ত উৎপাদিত মিথানল বাংলাদেশ, নেপাল আৰু ভূটানৰ দৰে চুবুৰীয়া দেশলৈ পৰিবহন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে ।  মিথানলৰ যোগে  অসম তথা উত্তৰ-পূৱক পেট্ৰ’কেমিকেল হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *