আবু ধাবিত মুকলি হ’ল প্ৰথমটো হিন্দু মন্দিৰ

Share

আবু ধাবিত ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে প্ৰথমটো হিন্দু মন্দিৰ।ভাৰত আৰু সংযুক্ত আমিৰশ্বাহিৰ মাজত সম্পৰ্কৰ গভীৰতাৰ এক নতুন গতি হিচাপে পৰিচিত হৈছে এই বিশাল মন্দিৰটো। ২৭ একৰ ভূমিত ৭০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে মন্দিৰটো।বোছাসন্ন্যাসী শ্ৰীক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা চমুকৈ বিএপিএছে নিৰ্মাণ কৰা হিন্দু মন্দিৰটো পশ্চিম এছিয়াৰ আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰ।

মন্দিৰটোৰ উচ্চতা ৩২.৯২ মিটাৰ (১০৮ ফুট), দৈৰ্ঘ্য ৭৯.৮৬ মিটাৰ (২৬২ ফুট), আৰু প্ৰস্থ ৫৪.৮৬ মিটাৰ (১৮০ ফুট) । ভাৰতীয় শিল্পীসকলৰ দ্বাৰা নিৰ্মাণ কৰা আৰু সংযুক্ত আৰৱ আমিৰেটত একত্ৰিত হোৱা মন্দিৰটোৱে প্ৰায় ৫৫,০০০ বৰ্গমিটাৰ ভূমি আৱৰি আছে । ইয়াক ১.৮০ লাখ বৰ্গমিটাৰৰ  গুলপীয়া শিল, ১,৫০ লাখ বৰ্গমিটাৰৰ  বিশুদ্ধ বগা ইটালিয়ান মাৰ্বল আৰু ১৮,০০০ ইটা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । এই মন্দিৰটোত প্ৰাৰ্থনা গৃহ, পুথিভঁৰাল, বাগিচা, পানীৰ ফোৱাৰা আদি আছে। মন্দিৰৰ দেৱালবোৰত ৰামায়ণ আৰু শিৱৰ পৌৰাণিক কাহিনীৰ সৈতে ভগৱান জগন্নাথৰ যাত্ৰাৰ এক আভাস দাঙি ধৰা হৈছে। ইয়াৰ লগতে মন্দিৰৰ ওচৰত এটা গংগা ঘাটো নিৰ্মাণ কৰা হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *