বজাৰত জুই! খাৰুৱা তেলৰ দাম হ্ৰাস পালে আন্তৰ্জাতিক বজাৰত কিন্তু হ্ৰাস পোৱা নাই ভাৰতত, কিন্তু কিয়?

Share

গুৱাহাটী, ১২মেঃ  বিগত কেইবাদিনো ধৰি হোৰাহোকে বৃদ্ধি পোৱা পেট্ৰ’ল-ডিজেলৰ মূল্যই সা৪ধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হোৱাৰ সময়তে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেল ১৪০ মাৰ্কিন ডলাৰৰ পৰা ১০৬ মাৰ্কিন ডলাৰ হ্ৰাস পালে । আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে যদিও ভাৰতত হ্ৰাস পোৱা নাই পেট্ৰ’ল – ডিজেলৰ মূল্য। যাৰ ফলত এতিয়াও বজাৰত জুই লগাই থকা পৰিলক্ষিত হৈছে আকাশলংঘী মূল্যবৃদ্ধিয়ে ।আনফালে,দাম বৃদ্ধিৰ কথা দোহাই দি কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে তেলকোম্পানীসমূহে প্ৰতিলিটাৰ পেট্ৰ’লত ইথানল মিহলি কৰিছে দহ শতাংশকৈ ।লক্ষণীয়ভাৱে, ইয়াৰ পাছতো হ্ৰাস পোৱা নাই পেট্ৰ’ল- ডিজেলৰ মূল্য ।

যাৰ ফলত , বিশেষকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সৰ্বাধিক বৃদ্ধি হৈছেগৈ অ-বিজেপিশাসিত ৰাজ্যসমূহত । উল্লেখযোগ্য যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ  হোৱাৰ সময়ত আন্তৰ্জাতিক বজাৰত প্ৰতি বেৰল খাৰুৱা তেলৰ দাম হৈছিলগৈ প্ৰায় ১৪০ মাৰ্কিন ডলাৰ । ইয়াৰ পাছতে যোৱা দুটা দিনত প্ৰতি বেৰল খাৰুৱা তেলৰ দাম হৈছে ১০৬  মাৰ্কিন ডলাৰ ।লক্ষণীয় কথা যে ,  আন্তৰ্জাতিক  বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল – ডিজেলৰ দাম বৃদ্ধি পোৱা বুলি দাবী কৰি আহিছিল । যিহেতু ভাৰতে ৮৫ শতাংশ খাৰুৱা তেল আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰাই আমদানি কৰে । কিন্তু এতিয়া আন্তৰ্জাতিক বজাৰত এনেদৰে দাম হ্ৰাস পোৱাৰ পাছতো কিন্তু চৰকাৰখনে হ্ৰাস কৰা নাই পেট্ৰ’ল- ডিজেলৰ মূল্য । তদুপৰি , পেট্ৰ’ল- ডিজেলত  ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অত্যাধিক কৰ আৰোপ কৰাৰ বাবেও তেলৰ দাম হ্ৰাস পোৱা নাই। যাৰ পৰিপেক্ষিতত এতিয়াও গুৱাহাটীত প্ৰতি লিটাৰ ১০৫.৭২ টকাৰ পৰিৱৰ্তে ডিজেলৰ প্ৰতি লিটাৰ ৯১.৪৬ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *