মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল

Share

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হ’ল এজাহাৰ। কালি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰিলে নাজিৰা আৰক্ষী থানাত এই এজাহাৰ। কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাৰ পিছতেই দেৱব্ৰত শইকীয়াই দাখিল কৰিলে এজাহাৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ছোনিয়া গান্ধীক উদ্দেশ্য কৰি বিৰূপ মন্তব্য কৰিছিল । ইয়াৰ পূৰ্বেও উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে নিজাববীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চমন জাৰি কৰিছিল। উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ । উত্তৰাখণ্ডৰ মুখপাত্ৰ গৰাকীয়ে কৈছিল যে, ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত শৰ্মাই এক জনসভা সম্বোধন কৰি ৰাহুল গান্ধীৰ বংশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিজনক মন্তব্য কৰিছিল । অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰা চমনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *