বাজেট বিতৰ্কৰ সন্দৰ্ভত উত্তৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Share

সমাজৰ পৰা অসমতা আৰু দৰিদ্ৰতা দূৰীকৰণ, বৃহৎ আত্মসংস্থাপনৰ লক্ষ্যৰে পুুনৰুজ্জীৱিত অসম প্ৰতিষ্ঠা কৰিবলৈ বাজেট দাখিল কৰা বুলি বিধানসভাত মন্তব্য কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। এইবাৰৰ বাজেটৰ  মূলধনী ব্যয়ৰ লক্ষ্য ২৮,০০০ কোটি টকা। মূলধনী ব্যয় ২৩%  আৰু ৰাজহ ব্যয় ১৩% ধাৰ্য কৰা হৈছে ।

বিগত বৰ্ষতকৈ এইবাৰৰ বাজেটত মুঠ ১৭% আবণ্টন বৃদ্ধি কৰা হৈছে। কৃষিত ১৯% , শিক্ষাত ৫৪%  আবণ্টন বৃদ্ধি কৰা হৈছে । শিক্ষা খণ্ডত ২,৫০০ কোটি টকা আন্ত:গাঁথনি উন্নয়নৰ বাবে আৱণ্টন কৰা হৈছে আৰু  এইবাৰ ২৪%  ৰাজহ পোৱাৰ  লক্ষ্য নিৰ্ধাৰণ কৰা বুলি  মন্তব্য কৰে বৃত্তমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ উপৰিও, নিৰ্ধাৰিত আইন উলংঘা কৰি ৰাজ্যই কেতিয়াও ঋণ লোৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। “চৰকাৰক আমি ৰাইজৰ ওচৰলৈ নিব বিছাৰিছো, সেয়েহে জিলাই জিলাই গৈছো, ৰাইজে আমাক আদৰি লৈছে” বুলিও মন্তব্য কৰে বৃত্তমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *