অৱশেষত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলসমুহ

Share

সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ কলা ,বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফলসমুহ ।সোমবাৰে নিশা ২ বজাত মূখ্যমন্ত্ৰীয়ে টুইটযোগে ফলাফল ঘোষণা কৰিব বুলি জনোৱা পিছতে মঙলবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

 উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিলেখ সংখ্যক পৰীক্ষাৰ্থীয়ে।সৰ্বমুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ।লগতে এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। মুঠ ২৬১২৩১ গৰাকী প্ৰাৰ্থীয়ে কলা শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে ২৮৬৫১ গৰাকীয়ে প্ৰথমস্থান, ৫৮৮৬৯ গৰাকীয়ে দ্বিতীয় স্থান, ৯৫৬৬০ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। 

কলা শাখাৰ লগতে বিজ্ঞান শাখাত  উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।আৰু  বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *