অৱশেষত কংগ্ৰেছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসমৰ ১২ গৰাকী প্ৰাৰ্থীৰ নাম

Share

ঘোষণা কৰা হৈছে কংগ্ৰেছৰ সৰ্বভাৰতীয় দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দেশৰ মুঠ ৪৩ খন আসনৰ প্ৰাৰ্থীৰ নাম এই দ্বিতীয় তালিকাখনত ঘোষণা কৰা হয়। এই দ্বিতীয় তালিকাখনত কংগ্ৰেছে ঘোষণা কৰিলে অসমৰ ১২ খন আসনৰ প্ৰাৰ্থীৰ নাম। কিন্তু কংগ্ৰেছে ১৪ খন আসনৰ ডিব্ৰুগড় আৰু লখিমপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

অসমৰ ১২ খন আসনৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ নাম হৈছেঃ

যোৰহাটত গৌৰৱ গগৈ, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, গুৱাহাটীত মীৰা বৰঠাকুৰ, কাজিৰঙাত ৰ’জলীনা তিৰ্কী, বৰপেটাত দীপ বায়ন, ধুবুৰীত ৰকিবুল হুছেইন, শিলচৰত সূৰ্যকান্ত সৰকাৰ, কৰিমগঞ্জত হাফিজ বছিৰ আহমেদ চৌধুৰী, কোকৰাঝাৰত গৰ্জন মুছাহাৰী, ডিফুত জয়ৰাম ইংলেং আৰু শোণিতপুৰত প্ৰেমলাল গঞ্জু। ইফালে বৰপেটা সমষ্টিৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ’ল আব্দুল খালেক। আনহাতে ডিব্ৰুগড় আসনখন মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ এৰি মংগলবাৰে কংগ্ৰেছে এই তালিকা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *