অৱশেষত গ্ৰেপ্তাৰ হল বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহা ।শিৱসাগৰৰ এগৰাকী ব্যৱসায়ী মুখত থুওৱাৰ অভিযোগ উথাপন হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ বিৰুদ্ধে।সেই অভিযোগৰ পাছতে্ই তেওঁক শিৱসাগৰ আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল আৰু তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে ।
এই ঘটনা সংঘটিত হৈছিল মংগলবাৰে শিৱসাগৰত ।ঘটনাৰ খবৰ অনুসৰি শিৱসাগৰৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে আন কেইবাজনো সৰ্তীথৰ সৈতে বিহুৰ চান্দা তুলিবলৈ গৈছিল।
তাৰ মাজতেই শৃংখল আৰু ব্যৱসা্য়ীগৰাকীৰ মাজত কথাৰ তৰ্কাতকি আৰম্ভ হয়।ইয়াৰ মাজতেই অনা-অসমীয়া ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে।শৃংখল চলিহাৰ ওপৰত অভিযোগ উথাপন কৰা ব্যৱসায় গৰাকী হল অংকুশ কেডিয়া।ব্যৱসায়ী অংকুশ কেডিয়াৰ অভিযোগৰ পাছতেই শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক প্ৰথমে আটক আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰিছে।এই বিষয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তেও প্ৰকাশ কৰিছে।