মহানগৰীৰ সাতটাকৈ ধৰ্মীয় স্থানত হ’ব ফেৰী সেৱাৰ ব্যৱস্থা

Share

১৯ মাৰ্চ, শুকুৰবাৰে অসমৰ বিকাশ যাত্ৰাক আগুৱাই নিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  কেন্দ্ৰ-ৰাজ্যৰ মাজত ধৰ্মীয় পৰ্যটন চুক্তি স্বাক্ষৰ হয়। অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত  অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ, সাগৰ মালা উন্নয়ন নিগম, অসম পৰ্যটন উন্নয়ন নিগম আৰু ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ মাজত হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।  এই চুক্তি স্বাক্ষৰত  কামাখ্যা, দৌল গোবিন্দ, অশ্বক্লান্ত,পাণ্ডূঘাট, শুক্ৰেশ্বৰ, উমানন্দ আৰু আউনীআটি শাখা সত্ৰলৈ ফেৰী সেৱা ব্যৱস্থা কৰাৰ ঘোষণা কৰে । 

উল্লেখ্য যে, এই প্ৰকল্পৰ অধীনত ধৰ্মীয় পৰ্যটন  হনুমান ঘাট, উজান বজাৰ ঘাটৰ পৰা আৰম্ভ হ’ব। এই প্ৰকল্প ব্যয়ৰ ৫৫ শতাংশ কেন্দ্ৰীয় জলপথ প্ৰাধিকৰণ আৰু সাগৰ মালা উন্নয়ন নিগমে বহন কৰিব। বাকী ৪৫ শতাংশ অসম পৰ্যটন উন্নয়ন নিগমে বহন কৰিব। 

উক্ত অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, নদীৰ এই পৰ্যটন চাৰ্কিত প্ৰকল্পই গুৱাহাটী মহানগৰীক দেশৰ শীৰ্ষ পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰাৰ লগতে কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুবিধা দিয়াৰ দিশতো সহায় কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *