খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ ৰ শুভ উদ্বোধণ

Share

আৰম্ভ হল চতুৰ্থ সংখ্যাক খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ । এক বৰ্ণিল অনুষ্ঠানেৰে সৰুসজায়ষ্ঠিত ইন্দিৰা গান্ধী এথেলিটিকছ ষ্টেডিয়ামত খেলো ইন্দিয়াৰ শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় । এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় ক্ৰিয়া মন্ত্ৰী অনুৰাগ ঠাকুৰে । খেলো ইণ্ডিয়াৰ উদ্বোধনীৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে-অসমে যোৱা দুই দহক ধৰি ৰাজ্যত ধাৰাবাহিক সফলতাৰে ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি আহিছে । প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আয়োজন কৰি অসমে আন এখন গৌৰৱ লাভ কৰিলে । মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ কয় যে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকশিত ভাৰতৰ সপোন পুৰ্ণ কৰিবলৈ অন্য দিশৰ লগতে ক্ৰীড়া উত্তোৰণতো সমানে গুৰুত্ব দিছো । গুৱাহাটীত দুখনকৈ নতুন বিশ্ব মানদণ্ডৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে্ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে প্ৰতিখন জিলাত ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কামো তীব্ৰ গতিত আগবাঢ়িছে । এই উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ বাৰ্তাযোগে সম্বোধন কৰি খেলো ইণ্ডিয়াৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ বাৰ্তাত কয় যে- খেলো ইণ্ডিয়াৰ তৃণমূল পৰ্যায়ৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় গেমছলৈ আমি যুৱ খেলুৱৈসকলক সুযোগৰ বাবে এক শক্তিশলী পৰিৱেশ দেশত সৃষ্টি কৰিছো । বিশ্বমানৰ প্ৰশিক্ষণৰ সুবিধা বৃত্তি আৰু খেলৰ পৰিৱেশে এতিয়া ভাৰতত ক্ৰীড়া বিপ্লৱৰ পথ প্ৰশস্ত কৰিছে । আমি নিশ্বিতভাৱে তেওঁলোকৰ জয়ৰ সপোন দেখিছো । আমি এনে এখন দেশ গঢ়ি তুলিছো যত প্ৰতিটো শিশুৱে ক্ৰীড়া শক্তিৰ উত্থানত অৰিহণা যোগোৱাৰ সুযোগ পায়। খেলো ইণ্ডিয়া ২০২৩ৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ভাষণত কয় যে ২০৩৬ চনৰ অলিম্পিক গেমছত ভাৰতে শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰে আসন্ন প্ৰচেষ্টাত ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে দেশৰ খেলুৱৈৰ উন্নত প্ৰস্তুতি তথা খেলুৱৈসকলক তেওঁলোকৰ সপোন আৰু উচ্ছাকাংক্ষা পুৰণৰ বাবে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় । খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , ৰণজিত দাস , জয়ন্তমল্ল বৰুৱা , ইউ জি বহ্ম, ত্ৰিপুৰা আৰু মিজোৰামৰ ক্ৰীয়ামন্ত্ৰীৰ লগতে আন আন বিশিষ্ট লোক উপস্থিত থাকে । এই আৰম্ভণী অনুষ্ঠানত সংগীত পৰিৱেশন কৰে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ।

Leave a Reply

Your email address will not be published. Required fields are marked *