বিৰোধীৰ ৭টা ভোটক লৈ আশংকা!আমি জিকিছো ,গেম অভাৰঃ পিযুষ হাজৰিকা 

Share
গুৱাহাটী,৩১মাৰ্চঃ জল্পনা কল্পনাৰ অন্তত আজি বহু প্রত্যাশিত ৰাজ্যসভাৰ নিৰ্বাচন ।আৰু ৰাজনৈতিক ভাগ্য নিৰ্ণয় হোৱাৰ নিৰ্বাচনৰ এই গুৰুত্বপূৰ্ণ সময়তো এতিয়াও অব্যাহত আছে শাসক বিৰোধী ঐক্যৰ মাজত ৰাজনৈতিক সংঘাত।ৰাজ্যসভাৰ দুখন আখনৰ বাবে প্রথমখন আখনৰ বাবে বিজেপি প্রাৰ্থী পবিত্র মাৰ্ঘেৰিটা আৰু দ্বিতীয়খন আখনৰ বাবে বিজেপি ইউ পি পি এলৰ  মিত্রজোঁটৰ প্রাৰ্থী ৰণগৌড়া নাৰ্জাৰীৰ বিপৰীতে কংগ্ৰেছ,এ আই ইউ ডি এফ ,চি পি আই এম আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্রাৰ্থী হিচাপে কংগ্ৰেছৰ ৰিপুণ বৰাক ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্রাৰ্থীত্ব দিয়া হৈছে। কিন্তু সংখ্যাৰ ফালৰ পৰা দেখা গৈছে বিৰোধীৰ  প্রাৰ্থীগৰাকী অনায়াসে জয়ী হ’ব পাৰে যদিও বিৰোধী শিবিৰৰ মাজত এতিয়া ঐক্যৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে ।
আৰু আজি ভোটগ্ৰহণ প্রক্রিয়া চলি থকাৰ সময়তে বিজেপি প্রাৰ্থী  পবিত্র মাৰ্ঘেৰিটাৰ বিজয়ক নিশ্চিতি প্রদান কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মতব্যক্ত কৰিলে বিধায়ক পিযুষ হাজৰিকাই । তেওঁ কয় যে —”মই এই মুহুৰ্তত দৃঢ়তাৰে কৈছোঁ যে কংগ্ৰেছৰ ৭টা ভোটৰ গণ্ডগোল হৈছে ।কংগ্ৰেছত ৭টা লবী আছে ,ইটোৱে সিটোক মাৰিয়েই থাকে ।আমাৰ জয় নিশ্চিত , কংগ্ৰেছৰ সাতটা ভোট বাতিল হোৱাৰ আশংকা ।কিছুমানে লিখোঁতে ভূল আৰু ভূল কৰিলে তেওঁলোকে মূৰ জোকাৰি দিয়ে । আমি ভিতৰত বহি আছিলোঁ ,সকলো গম পাই আছোঁ ।কোনোবাই টিক মাৰিছে ,কোনোবাই বেলট পেপাৰ ফালিছে ।মুঠতে আমি জিকিছো,গেম অভাৰ ।”

Leave a Reply

Your email address will not be published. Required fields are marked *