পিতৃয়ে হত্যা কৰিলে নিজৰ ১১ দিনীয়া কন্যা সন্তানক

Share

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী হত্যাকাণ্ড।বজালীৰ ডুবি মালাপাৰাত সংঘটিত হৈছে এই হত্যাকাণ্ড।নিজৰ ১১ দিনীয়া কন্যা সন্তানক মাৰি পুতি থৈছিল হত্যাকৰী পিতৃ নিৰঞ্জন মালাকৰে।নিৰঞ্জন মালাকৰে সন্তানটিক ৪ লাখ টকাত বিক্ৰী কৰিব বিচাৰিছিলে,যদিও পৰিয়ালৰ লোকে এই কথা গম পোৱাত হত্যাকাৰী পিতৃয়ে কন্যা সন্তানক বিক্ৰী কৰাত অসমৰ্থক হয় আৰু তাৰ পিছতে সংঘটিত কৰে এই শিহৰণকাৰী ঘটনাটো।এই ঘটনাটোৱে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।ইতিমধ্যে বজালীৰ আৰক্ষীয়ে হত্যাকৰী নিৰঞ্জন মালাকৰক আটক কৰিছে।আনহাতে এই হত্যাকাণ্ডৰ লগত জড়িত শিশুটিৰ পেহীয়েকৰ পুত্ৰ খগেন মালাকৰক গ্ৰেপ্তাৰ কৰে।ইয়াৰোপৰি শিশুটিৰ মাতৃ কণমণি মালাকৰ আৰু নিৰঞ্জনৰ বাইদেউ প্ৰমালী মালাকৰকো আৰক্ষীয়ে আটক কৰে।তাৰ পিছতে আৰক্ষীয়ে দুগৰাকী অভিযুক্তক বজালীৰ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই।আদালতে হত্যাকাৰী নিৰঞ্জন মালাকৰক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।ইয়াৰোপৰি হত্যাকাণ্ডৰ লগত জড়িত খগেন মালাকৰক দুদিন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।মাতৃ কণমণি মালাকৰ আৰু প্ৰমালী মালাকৰক আৰক্ষীয়ে সোধা-পোছা কৰি পিছত যাবলৈ দিয়ে।হত্যাকৰী নিৰঞ্জন মালাকৰ বজালী বিকলাংগ সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।ইতিমধ্যে বজালী বিকলাংগ সন্থাৰ সভাপতি জগদীশ চৌধুৰীয়ে  অনুষ্ঠিত এখন সভাত হত্যাকাৰী নিৰঞ্জন মালাকৰক বহিষ্কাৰ কৰাৰ কথা সদৰি কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *