ডিজিটেল ডেস্কঃ বিপদত পৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন সৰকোৱা ৰাজ্যৰভুৱা কৃষক সকল। কেন্দ্ৰীয় চৰকাৰে এই ভুৱা কৃষকসকলৰ পৰা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনকি ৰাজ্য চৰকাৰে ধন ঘূৰাই নিদিয়া ভুৱা কৃষকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বাবে নিৰ্দেশ দিছে।
বিশেষকৈ বেংকসমূহৰ পৰা ভুৱা কৃষকসকলৰ বেংক একাউণ্টৰ লগত থকা নথি-পত্ৰ বিচাৰিছে ৰাজ্য চৰকাৰে, যাতে প্ৰতিজন ভুৱা কৃষকৰ ঠিকনা বিচাৰি উলিয়াব পৰা যায়। যোৱা মাৰ্চ মাহলৈকে ৰাজ্যখনত মুঠ ১৩, ৩৮,৫৬৩ জন ভুৱা কৃষকসকলে পি এম কিষাণ আঁচনিৰ পৰা প্ৰায় ৭০০ কোটি টকা সৰকালে। মৰিগাঁও, বৰপেটা, ধুবুৰী, নলবাৰী আদি বহু জিলাত পি এম কিষাণ আঁচনিৰ বৃহৎ কেলেংকাৰী।