তৃতীয়াবাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বি জে পিৰ জ্যেষ্ঠ নেতা গংগাধৰ ৰাও ফাড়নবিছে,আনহাতে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহন কৰে একনাথ সিন্দে-অজিত পাৱাৰ,উক্ত অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকি শীৰ্ষ নেতৃত্ব আগবঢ়াই|অমিত শ্বাহ,নীতিন গাড়কাৰীসহ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপিশাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে তেওৰ শপত গ্ৰহন অনুষ্ঠানত।ফাড়নবিছৰ জীৱন একেবাৰে চিনেমাৰ দৰে উত্থান য’ত মাত্ৰ ৫৪ বছৰীয়া জীৱনৰ ৰাজনৈতিক উত্থান-পতন অতিক্ৰম কৰি বুদ্ধিৰে বাটত বিভিন্ন কাঁইট আঁতৰাই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত আসীন হয়, মুম্বাইৰ আজাদ ময়দানত মুখ্যমন্ত্ৰী হিচাপে ফাড়নবিছক শপত বাক্য পাঠ কৰাই ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে।তাৰ পাছতে শীৰ্ষ নেতা একনাথ সিন্দে আৰু এন চি পিৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰে।পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ফাড়নবিছৰ মন্ত্ৰীসভাত শপত ল’ব নে নাই তাক লৈ শেষ পৰ্যান্ত স্পষ্ট হোৱা নাছিল যদিও শেষত তেও ‘কোৱালিচন’ ধৰ্ম মানি মহাযুটিৰ নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহনৰ বাবে আগবাঢ়ি আহে |