মাহৰ পিছত মাহ ধৰি দৰমহা লাভ কৰা নাই বিপণনৰ একাংশ কৰ্মচাৰীয়ে।যি সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক মাহৰ ১০ তাৰিখেই আঁচনিৰ অধীনত নগদ ধন প্ৰদান কৰি চৰকাৰে সফলতাৰ ঢাক-ঢোল বজাই আহিছে সেই সময়তে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ ৮ শতাধিক কৰ্মচাৰীয়ে ১১ মাহ ধৰি লাভ কৰা নাই দৰমহা,কৰ্মচাৰী সকলে দৰমহা নোপোৱাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে পৰিয়ালৰ মাজত চৰম হাহাকাৰৰ সৃষ্টি হৈছে।উল্লেখ্যে যে,২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ইয়াৰ বিষয়া কৰ্মচাৰী সকলৰ নিয়মীয়া আৰু বকেয়া দৰমহা ,গ্ৰেচুইটি,ভৱিষ্যনিধি আদি সামৰি অসম চৰকাৰক ৯০.০৩ কোটি টকাৰ বাজেট প্ৰস্তাৱ দাখিল কৰিছিল।কিন্তু এনে প্ৰস্তাৱৰ বিপৰীতে অসম চৰকাৰে ৪০.৫০ কোটি টকাৰ বাজেটতহে অনুমোদন জনায়।ইয়াৰে ৩০.৫০ কোটি টকা দৰমহা শিতানত আৰু ১০ কোটি টকা স্বেচ্ছামূলক অৱসৰ শিতানত ধাৰ্য কৰা হয়।লক্ষণীয়ভাৱে অসম চৰকাৰৰ বিত্ত বিভাগে বাজেটত ধাৰ্য কৰা ধনৰ বিপৰীতে যোৱা ২৮ জুনত মাত্ৰ ১৫.২৫ কোটি টকা বিত্তীয় অনুমোদন জনায় ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে বিত্তীয় অনুমোদন জনোৱা ধনৰ পৰাও বিত্ত বিভাগে মোকলাই দিয়ে মাত্ৰ ৭.৬২ কোটি টকা।যাৰ জৰিয়তে কৰ্মচাৰীসকলে মাত্ৰ এমাহৰ দৰমহা লাভ কৰে।কিন্তু এমাহৰ দৰমহাৰ বাহিৰে ১১ মাহ কৰ্মচাৰীসকলে লাভ কৰা নাই দৰমহা। আনকি দৰমহাৰ অভাৱত কৰ্মচাৰীসকলে উপযুক্ত চিকি९সা নোপোৱাৰ ফলত মৃত্যুক সাৱটি লব লগা হৈছে । ইয়াৰ উপৰিও মূল্যবৃদ্ধিৰ সময়তে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাইছে, লগতে সময়মতে দৰমহাকেইটা মোকলাই দিয়াত ব্যৰ্থ চৰকাৰে কিন্তু কৃষি বিপণনৰ কৰ্মচাৰীসকলৰ ওপৰত সীমাহীন দায়িত্ব জাপি দিছে । দৰমহা সময়মতে মোকলাই নিদিয়ালৈ বিপণন পৰিষদৰ কৰ্মচাৰীসকলে বিভিন্ন সময়ত দাবী আন্দোলন কৰি আহিছে যদিও গা লৰা নাই চকাৰৰৰ। ইয়াক লৈ এতিয়া বিপণন পৰিষদৰ ভিতৰে-বাহিৰে জ্বলিছে ক্ষোভৰ জুই।