লামডিং বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ’ব উচ্ছেদ  অভিযানঃ সবিশেষ বিৱৰণ 

Share
বৰ্ণালী দাস,৮ নৱেম্বৰঃ আজিৰে পৰা লামডিং বনাঞ্চলত আৰম্ভ হ’ব দুদিনীয়া উচ্ছেদ অভিযান।ইতিমধ্যে ,প্রথম পৰ্যায়ৰ এই অভিযানত ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চলিব এই অভিযান ।সাজু হৈছে আৰক্ষী প্রশাসন আৰু বন বিভাগ ।অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে প্রয়োজনীয় সকলো সামগ্ৰী ।উচ্ছেদ অভিযানৰ সফল ৰূপ দিবলৈ গাড়ী ,হাতী ,ড্রন,আদি প্রয়োজনীয় সকলো সামগ্ৰীৰ লগতে সাজু কৰি ৰখা হৈছে অনাতাঁৰ ব্যৱস্থাও।হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত চলিব সমগ্ৰ অভিযান ।
উচ্ছেদস্থলীত সমগ্ৰ উচ্ছেদ অভিযান  প্রক্রিয়াত তদাৰক আৰু নিৰীক্ষণ কাৰ্যত উপস্থিত থাকিব বন বিভাগৰ ফালৰ পৰা দুই অতিৰিক্ত মুখ্য বন সংৰক্ষক প্রধান এম.কে যাদৱ আৰু এইচ মিশ্র ,কনজাৰ্ভেটৰ বি শৰ্মা ,ডি.এভ.অ’ গুণদীপ দাসসহ আন কেইজনমান বন বিষয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *