ডিজিটেল ডেস্কঃ আজিৰ দিনত সকলোবোৰ কাম অনলাইন হৈ আহিছে। বিশেষকৈ অনলাইন খাদ্য বিতৰনে মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ঘৰত বহি কেৱল যিকোনো এপৰ জৰিয়তে নিজৰ পছন্দৰ খাদ্য বস্তু অৰ্ডাৰ কৰক। কিন্তু বহু সময়ত খাদ্য বস্তু অৰ্ডাৰ কৰাৰ সময়ত বহুতো গ্ৰাহকসকলৰ খাদ্যৰ বাবে দিয়া নিৰ্দেশনাবোৰ আলোচনালৈ আহে। বৰ্তমান হায়দৰাবাদৰ পৰা একেধৰণৰ গ্ৰাহকৰ নিৰ্দেশনা এতিয়া সকলো ঠাইতে আলোচনাৰ বিষয় হৈ পৰিছে।
কিয়নো অনলাইন খাদ্য অৰ্ডাৰ কৰাৰ পিছত গ্ৰাহকে বিশেষ নিদৰ্শনাত লিখিছিল যে তেওঁ এজন মুছলমান ডেলিভাৰী ব’য় নিবিচাৰে, যাৰ বাবে এতিয়া সমগ্ৰ দেশত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্যনীয় বিষয়টো হ’ল যে দৰাচলতে চুইগিয়ে হায়দৰাবাদী গ্ৰাহকজনৰ অৰ্ডাৰ প্ৰদান কৰিবলৈ এজন মুছলমান ব্যক্তিক তেওঁৰ ঘৰলৈ পঠিয়াইছিল যাৰ বাবে ডেলিভাৰী বয়ৰ সৈতে গ্ৰাহকজনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু বিতৰ্কৰ কিছু সময় পিছতেই গ্ৰাহকে নিৰ্দেশনাত লিখিছিল যে তেওঁ এজন মুছলমান ডেলিভাৰী ব’য় বিচৰা নাছিল। বৰ্তমান সেই নিৰ্দেশনাৰ বাবে এতিয়া সমগ্ৰ দেশতে ছ’ চিয়েল মিডিয়াৰ জৰিয়তে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে।