এবিঘাতকৈ কম মাটি থাকিলেও দিব লাগিব খাজানা

Share

ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে মাটিৰ খাজানাৰ ক্ষেত্ৰত এক নতুন সংশোধনী আনিছে।  চৰকাৰৰ এনে সংশোধনী , খাজানা সংগ্ৰহৰ নতুন নীতিৰ ফলত কাৰোবাৰ এটা দাগত এবিঘাতকৈ কম মাটি থাকিলেও এতিয়াৰ পৰা এবিঘা মাটিৰেই খাজানা আদায় দিব লাগিব৷ অৰ্থাৎ, একঠা মাটিৰ বাবেও এবিঘা মাটিৰ সমানেই খাজানা আদায় দিব লাগিব ৰাজ্যৰ জনসাধাৰনে। এই কথা সদৰি কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে৷

উল্লেখযোগ্য যে, ৩১ মাৰ্চত বিধানসভাৰ মজিয়াত মাটিৰ খাজানা দিয়াৰ ক্ষেত্ৰত  নতুন নীতি সংশোধন হোৱাৰ পিছতেই  বিধায়ক অখিল গগৈয়ে কয় যে, ২০১৬ চনৰ মাৰ্চ পৰ্যন্ত বিত্তীয় বৰ্ষটোত মাটিৰ খাজানা উঠিছিল ৩৩ কোটি ৯৩ লাখ টকা। কিন্তু ২০২২ চনৰ ৩১ মাৰ্চলৈকে বিত্তীয় বৰ্ষটোত খাজানা উঠিল ১৮৫ কোটি টকাকৈ।  বিধায়কগৰাকীৰ এই অভিযোগত প্ৰতুত্ত্যৰ দি মন্ত্ৰী যোগেন মহনে  খাজানা অলপহে বঢ়া বুলি কোৱাৰ লগতে খাজানা সংগ্ৰহৰ পদ্ধতি স্বচ্ছ হোৱাৰ বাবে আৰু খাজানা সংগ্ৰহৰ সুৰুঙা বন্ধ হোৱাৰ বাবেই খাজানা সংগৃহীত ধন বাঢ়িছে বুলি সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *