হাইক’ৰ্টত গোচৰ ৰুজু হোৱাৰ পিচতো নিৰ্বিকাৰ স্বাস্থ্য বিভাগ

Share

জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই ৰাজ্যত বৃদ্ধি পাইছে ভুৱা চিকিৎসকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসনৰ অস্তিত্বক ভেঙুচালি কৰি ভুৱা চিকিৎসকে ৰাজ্যৰ চুকে-কোনে চলাই গৈছে ৰোগীৰ চিকিৎসা ৷ পিচে এনে উদ্বেগজনক ঘটনাৰ পাচতো নিৰুদ্বেগ হৈ বহি আছে চৰকাৰ , স্বাস্থ্য বিভাগ ৷
 
 আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত ভুৱা চিকিৎসকক লৈ  পি আই এল দাখিল হোৱাৰ পাচতো জিলা স্বাস্থ্য বিষয়াসকেল কোনো ব্যৱস্থা লোৱা  নাই ৷
 ৩৩খন জিলাৰ মাত্ৰ চাৰিখন জিলাই এইপৰ্যন্ত  গঠন কৰিছে ভুৱা চিকিৎসা প্ৰতিৰোধী গোট ৷ একেদৰে আন চাৰিখন জিলাই এনে ভুৱা চিকিৎসা প্ৰতিৰোধী গোট গঠনৰ মাত্ৰ তৎপৰতাহে চলাইছে ৷
 
 ভুৱা চিকিৎসাৰ দৰে ভয়াৱহ এক ঘটনাকলৈ জিলা স্বাস্থ্য বিষয়াসকলৰ ৰহস্যজনক নীৰৱতা স্বাভাৱিকতে প্ৰশ্নৰ বিষয় হৈ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *