স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আঁহতগুৰিত নাই বিদ্যুৎ ব্যৱস্থা

Share

শংকৰ-মাধৱদেৱৰ মনিকাঞ্চন ক্ষেত্ৰ আঁহতগুৰিত বিদ্যুৎ ব্যৱস্থা নথকাৰ  ফলত টৰ্চ আৰু ম’বাইলৰ পোহৰতে কৰিবলগীয়া হৈছে ভাগৱত পাঠ ৷ বৰ্তমান সময়ত চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে,  একেদৰে সেই সময়তে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনথলী আঁহতগুৰিত নাই বিদ্যুতৰ ব্যৱস্থা ৷  উল্লেখ্য যে ২০১৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিত চ’লাৰ প্ৰজেক্টৰ ব্যৱস্থা কৰিছিল যদিও ৫ বছৰ উকলি যোৱাৰ পিছত এতিয়া চ’লাৰ ব্যৱস্থা অচল হৈ পৰিছে ৷  এনেদৰে কষ্টকৰ পৰিস্থিতিত  গুৰুজনাৰ পবিত্ৰ ভাদমহীয়া নাম-প্ৰসংগ  টৰ্চ -চাকিৰ পোহৰত নিতৌ পাঠ কৰিবলগীয়া হৈছে ৷  মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন এই মিলনক্ষেত্ৰত আঁহতগুৰিৰ গাঁওবাসীয়ে অতি সোনকালে জিলা প্ৰশাসন তথা স্থানীয় বিধায়কগৰাকীক বিদ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *