প্ৰৱেশ বিনামূলীয়া হ’ব ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া বিহু অনুষ্ঠানৰ

Share

মাজত মাথোঁ কেইটামান  দিন। গৰু বিহুৰ দিনাই ঢোলৰ গুমগুমণিৰে মুখৰিত হব সৰুসজাই ষ্টেডিয়াম । বিহুক  গীনিজ বুক অব  ৰেৰ্কডছত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে একেলগে ১১,১৪০ গৰাকী বিহুৱা-বিহুৱতীয়ে পৰিৱেশন কৰিব বিহু। বিহুনৃত্যৰে  অভিলেখ স্থাপনৰ প্ৰস্তুতিৰে শেষ ঘূৰণত অসম চৰকাৰ উপস্থিত হৈছে। সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে যে অসমবাসীয়ে এই  নৃত্য চাব পৰাকৈ ১১, ১২ আৰু ১৩ এপ্ৰিলত বিয়লি ৪-৩০ বজাৰ পৰা ৬-৩০ বজালৈ সৰুসজাই ষ্টেডিয়াম মুকলি থাকিব আৰু যিসসকল লোকে ১৪ এপ্ৰিলৰ দিনা হবলগীয়া বিহু নৃত্যৰ অনুষ্ঠান উপভোগ কৰিব সেই সকলে ১১ এপ্ৰিলৰ পৰা তেওঁলোকৰ পাচ সমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

উল্লেখযোগ্য যে, বিভিন্ন দুষ্ট চক্ৰই এন্ট্ৰি পাচ সমূহৰ বিনিময়ত টকা সংগ্ৰহ কৰাৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ সমান্তৰালকৈ মন্ত্ৰী পিযুষ হাজৰিকাই ইয়াক নাকচ কৰিছে। পাচ সমূহ বিনামূলীয়াকৈ দিয়া হব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *