বহুবছৰ অপেক্ষাৰ অন্ত পেলাই আজি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰৱেশ হ’ব ভগৱান ৰাম লাল্লাৰ মূৰ্ত্তি। অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্রস্ততি তীব্ৰগতিত চলি আছে আৰু বহুতো কাৰ্যসূচী।এই কাৰ্যসূচী সমূহ আৰম্ভ হৈছিল ১৬ জানুৱাৰীৰ পৰা ।বৃহস্পতিবাৰ অৰ্থাৎ আজি কাৰ্যসূচীৰ তৃতীয় দিন। আজি গৃহ ভাগত স্থাপন কৰা হ’ব ভগৱান ৰামৰ মূৰ্ত্তি। আজি গণেশ অম্বিকা পূজা, বৰুণ পূজা,মাতৃকা পূজা, ব্ৰাহ্মণ ভাৰণ আৰু বাস্ত পূজাৰ সৈতে আনুষ্ঠানিক ৰীতি-নীতিৰে আৰম্ভ হ’ব কাৰ্যসূচী সমূহ।
উল্লেখ যে ,ৰাম লাল্লাক বুধবাৰে ৰাম জন্মভূমিৰ চৌহদলৈ লৈ যোৱা হৈছিল, আৰু তেওঁক গৰ্ভগৃহত প্ৰৱেশ কৰা হ’ব। ভাস্কৰ্যশিল্পী অৰুণ যোগীৰজৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্ত্তিটো অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভ গৃহত ইয়াৰ নিৰ্ধাৰিত স্থানত স্থাপন কৰা হ’ব। সন্ধিয়া তীৰ্থ পূজন, জলযাত্ৰা আৰু গন্ধাধিভাস অনুষ্ঠান অনুষ্ঠিত হ’ব।একে সময়তে ১৯ জানুৱাৰীত আৰু অন্যান্য ৰীতি-নীতি অনুষ্ঠিত হ’ব।
এনেকৈয়ে বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে আগবাঢ়ি ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। এই কাৰ্যসূচীৰ বাবে দেশ বিদেশৰ বহু ভক্তই ঢাপলি মেলিছে অযোধ্যালৈ।