১০ টকালৈ হ্ৰাস দীঘলীপুখুৰী উদ্যানৰ প্ৰৱেশ মাছুল

Share

ঐতিহাসিক দীঘলীপুখুৰী ৰাজ্যৰ চৰকাৰে গুজৰাটৰ বণিয়াক লিজত দিয়াৰ পিছত সামাজিক মাধ্যমত তথা একাংশ সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে গুজৰাটৰ বণিয়াৰ পৰা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী সাময়িক ভাৱে অসমৰ পৰ্যটন উন্নয়ন নিগমৰ অধীনলৈ আহিছে। 

তাৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ পৰা দীঘলীপুখুৰী উদ্যানৰ প্ৰৱেশ পূৰ্বৰ দৰে ১০ টকা ধাৰ্য কৰিছে পৰ্যটন উন্নয়ন নিগমে। প্ৰায় এমাহ পূৰ্বে দীঘলীপুখুৰী দায়িত্ব লোৱা গুজৰাটৰ প্ৰতিষ্ঠানটোৱে দীঘলীপুখুৰীৰ প্ৰৱেশৰ মাছুল ধাৰ্য কৰিছিল ২০ টকাকৈ , তদুপৰি দীঘলীপুুখুৰীৰ নামৰ আগত লগাই দিয়া হৈছিল “এন্টাৰটিকা” শব্দটো। এই সমূহৰ বাবে অসমৰ বহুতো দল-সংগঠনে প্ৰতিবাদ কৰাও পৰিলক্ষিত হয়। 

অৱশ্যে ইয়াৰ মাজতে পৰ্যটন উন্নয়ন নিগমে আজিৰে পৰা দীঘলীপুখুৰীৰ উদ্যানৰ প্ৰৱেশ টিকট জাৰি কৰিছে আৰু প্ৰতিটো টিকটৰ মূল্য ১০ টকা ধাৰ্য কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *