জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়।এই এনকাউন্টাৰৰ ঘটনা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হয়।নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুজন সন্ত্ৰাসবাদী। নিহত দুজনৰ নাম ক্ৰমে মৰিফাত মকবুল আৰু জাজিম ফাৰুক।
নিহত দুয়োজন সন্ত্ৰাসবাদীয়ে আছিল পাকিস্তানৰ লস্কৰ-ই-তৈবাৰৰ লগত সম্পৰ্ক।ইয়াৰোপৰি কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে কয় যে কাশ্মিৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাৰ লগত জড়িত আছিল জাজিম ফাৰুক।
জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ আলশ্বিপোৰা অঞ্চলত সন্ত্ৰাসবাদী সদস্যই আত্মগোপন কৰাৰ খবৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাইছিল।ফলত আৰক্ষীৰ এনকাউন্টাৰত নিহত হ’ল দুজন সন্ত্ৰাসবাদী।